এজন ৰজাৰ ৰাজদৰবাৰলৈ এজন মানুহ আহিল আৰু ক’লে -

Assamese Information
0
এজন ৰজাৰ ৰাজদৰবাৰলৈ এজন মানুহ আহিল আৰু ক’লে— "মই এজন পাৰ্খী (চিনাক্ত কৰিব পৰা বিশেষজ্ঞ), মোক আপুনি কামত ৰাখক।"

​ৰজাই ক’লে— "চাকৰিত তো ৰাখিম, কিন্তু দৰমহা হিচাপে এটা টকাও নিদিওঁ। কেৱল এপোৱা গুৰ আৰু এপোৱা ভজা বুট পাবা।"

​পাৰ্খীজনে ক’লে— "ঠিক আছে হুজুৰ।"

​কিছুদিন পাছত ৰজাই এটা ঘোঁৰা কিনি আনিলে। তেওঁ পাৰ্খীজনক সুধিলে— "কোৱাচোন, এই ঘোঁৰাটোৰ বিষয়ে তোমাৰ মতামত কি?"

​পাৰ্খীয়ে ক’লে— "হুজুৰ, এয়া আচলতে ঘোঁৰাই নহয়, এয়া এটা গৰু।"

​ৰজা আচৰিত হ’ল! তেওঁ ঘোঁৰা বিক্ৰেতাজনক মাতি আনিলে। বিক্ৰেতাজনে ক’লে— "হুজুৰ, কথাটো সঁচা। ই ঘোঁৰাই হয়, কিন্তু সৰুতেই ইয়াৰ মাক মৰি গৈছিল। ইয়াক গৰুৰ গাখীৰ খুৱাই ডাঙৰ কৰা হৈছিল, সেয়ে ইয়াৰ স্বভাববোৰ গৰুৰ দৰে।"

​ৰজাই আচৰিত হৈ সুধিলে— "তুমি কেনেকৈ জানিলা?"
​পাৰ্খীয়ে ক’লে— "হুজুৰ, যেতিয়া ই ঘাঁহ খাইছিল, তেতিয়া ই গৰুৰ দৰে তললৈ মূৰ কৰি খাইছিল। ঘোঁৰাই সদায় ডিঙি ওপৰলৈ দাঙি ঘাঁহ খায়। মই ইয়াৰ স্বভাৱৰ পৰাই চিনি পালোঁ।"

​ৰজাই সন্তুষ্ট হৈ ক’লে— "আজিৰ পৰা তোমাক আধা কেজি গুৰ আৰু আধা কেজি ভজা বুট দিয়া হ’ব।"


​কিছুদিন পাছত ৰজাই পুনৰ সুধিলে— "মোৰ ৰাণীজনী কেনেকুৱা? তেওঁ মোৰ অতি প্ৰিয়।"

​পাৰ্খীয়ে ক’লে— "হুজুৰ, আপোনাৰ ৰাণীগৰাকী খান্দানী (অভিজাত বংশৰ) নহয়।"

​ৰজাই বিশ্বাস কৰিব পৰা নাছিল। তেওঁ শহুৰেকৰ ঘৰলৈ গৈ খবৰ ল’লে। তাত আইতাকে ক’লে— "সৰুতে তাইৰ মাক ঢুকাইছিল। পালন মই কৰিছিলোঁ যদিও তাইক এজনী দাই মাকৰ (সেৱিকা) গাখীৰ খুৱাই ডাঙৰ কৰা হৈছিল।"

​ৰজাই পাৰ্খীক পুনৰ সুধিলে— "ৰাণীৰ বিষয়ে তুমি কেনেকৈ জানিলা?"

​পাৰ্খীয়ে ক’লে— "হুজুৰ, তেওঁৰ ব্যৱহাৰৰ পৰা। খান্দানী ৰাণীৰ মাজত শালীনতা থাকে, কিন্তু তেওঁ কাম কৰা মানুহৰ ওপৰত চিঞৰ-বাখৰ কৰে, গালি-গালাজ পাৰে। তেওঁৰ অভ্যাসৰ পৰাই মই বুজি পালোঁ যে তেওঁ আচলতে অভিজাত বংশৰ নহয়।"


​এতিয়া ৰজাই ক’লে— "বাৰু, এতিয়া মোৰ বিষয়ে কোৱা।"
​পাৰ্খীয়ে ক’লে— "যদি প্ৰাণৰ ভিক্ষা দিয়ে তেন্তে ক’ম।"

ৰজাই ক’লে— "ক্ষমা কৰিলোঁ, তুমি সঁচাটোহে কোৱা।"
​পাৰ্খীয়ে ক’লে— "আপুনি ৰাজবংশৰ নহয়।

আপোনাক দেখি মোৰ এজন ভজা বুট বিক্ৰেতাৰ পুতেক যেন লাগে— যিয়ে কেৱল গুৰ আৰু বুটৰ হিচাপ ৰাখে!"

​ৰজা ঘাবৰাই গ’ল! তেওঁ মাকৰ ওচৰলৈ গৈ সুধিলে— 
"আই, সঁচা কথাটো কোৱা নহ’লে মই মৰি যাম।"

​মাকে কান্দি কান্দি ক’লে— "বোপা, কথাটো সঁচা। যিদিনা তোৰ জন্ম হৈছিল, সেইদিনাই ৰাজমহলৰ ওচৰৰে এজন ভজা বুট বিক্ৰেতাৰ ঘৰতো এটা ল’ৰা জন্ম হৈছিল।

মোৰ সন্তানটো জন্মৰ পাছতেই ঢুকাইছিল, সেয়ে ৰাজবংশ ৰক্ষা কৰিবলৈ মই সেইটো ল’ৰাক তুলি লৈছিলোঁ। সেই ল’ৰাটোৱেই তই।"


​শিক্ষা:

​"মানুহৰ পৰিচয় তেওঁৰ মুখমণ্ডল, কাপোৰ-কানি বা খান্দানৰ পৰা নহয়, বৰঞ্চ তেওঁৰ চৰিত্ৰ আৰু আচৰণৰ পৰাহে হয়। কাৰোবাক কেৱল তেওঁৰ চেহেৰা বা পদবী চাই বিচাৰ নকৰিব। মানুহৰ অভ্যাস আৰু ব্যৱহাৰেই তেওঁৰ আচল পৰিচয়।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !