এবাৰ এখন জংগত ভয়ংকৰ বান আহিল। নদীৰ পানী ইমান বাঢ়িল যে এজন বিচ্ছু ডুবিবলৈ ধৰিলে। তেতিয়া সি ওচৰত থকা এজন বেংক ক’লে,
“ভাই, মোক বচাওক। আপোনাৰ পিঠিত বহুৱাই মোক নদীখন পাৰ কৰাই দিয়ক।”
বেংয়ে ক’লে,
“তুমি তো বিচ্ছু। তোমাক পিঠিত বহুৱালে তুমি মোক হুল মাৰিবা। তোমাৰ ওপৰত মোৰ ভৰসা নাই।”
বিচ্ছুৱে চকুত পানী লৈ ক’লে,
“ভাই, মোৰ ওপৰত ভৰসা কৰক। মই আপোনাক কিয় হুল মাৰিম? আপুনি তো মোৰ জীৱন বচাই আছে। আৰু মই যদি আপোনাক হুল মাৰো, তেন্তে মইও তো ডুবি যাম।”
বেংৰ দয়া লাগিল। সি ভাবিলে, কথাটো ঠিকেই আছে। যদি বিচ্ছুৱে হুল মাৰে, তেন্তে সিও বাচি নাথাকিব।
সেয়ে সি ভৰসা কৰি বিচ্ছুক পিঠিত বহুৱাই নদী পাৰ হ’বলৈ ধৰিলে।
কিন্তু নদীৰ মাজ পাইতেই বিচ্ছুৱে বেংক জোৰে হুল মাৰি দিলে।
মৰিবলৈ ধৰোতে বেংয়ে সুধিলে,
“ভাই, তুমি এনেকুৱা কিয় কৰিলে? মই তো তোমাৰ ওপৰত ভৰসা কৰিছিলোঁ। এতিয়া তুমিও মোৰ লগত ডুবি যাবা।”
বিচ্ছুৱে ক’লে,
“কি কৰোঁ ভাই, মই মোৰ স্বভাৱৰ ওচৰত হাৰি যাওঁ। এইটোয়ে মোৰ স্বভাৱ।”
এই কাহিনীৰ পৰা আমি কি শিকিলো ?
আজিৰ এই ব্যস্ত জীৱনত কিছুমান মানুহ এনেকুৱাও থাকে, যিসকলে সন্মুখত ভৰসা দিয়ে, কিন্তু প্ৰতাৰণা কৰাটো তেওঁলোকৰ স্বভাৱ। সেয়ে এনেকুৱা মানুহৰ পৰা সদায় সাৱধান হৈ থাকিব লাগে।
