এখন গাঁৱত এজন মানুহ আছিল যিয়ে ভগৱানৰ প্ৰতি অটল ভক্তি ৰাখিছিল। তেওঁ সদায় ভগৱানৰ আৰাধনাত মগ্ন হৈ আছিল।

Assamese Information
0
এখন গাঁৱত এজন মানুহ আছিল যিয়ে ভগৱানৰ প্ৰতি অটল ভক্তি ৰাখিছিল। তেওঁ সদায় ভগৱানৰ আৰাধনাত মগ্ন হৈ আছিল।

​এদিন সেই গাঁৱত এক ভয়ংকৰ বানপানী আহিল। গাঁৱৰ সকলো মানুহে নিজৰ প্ৰাণ বচাবলৈ পাহাৰৰ ফালে ঢাপলি মেলিলে। কিন্তু এই মানুহজনে গাঁৱৰ মাজতে এটা গছৰ তলত হাত যোৰ কৰি বহি থাকিল।

​তেতিয়া গাঁৱৰে এজন মানুহে দৌৰি আহি ক’লে, "অ’ ভাই! সোনকালে বল, নহ’লে তুমি ডুবি মৰিবা।"
মানুহজনে উত্তৰ দিলে, "মোৰ ভগৱানৰ ওপৰত ভৰসা আছে, তেওঁ মোক বচাব। তুমি যোৱা।"


​তাৰপিছত এখন শেষ নাও আহিল। নাৱত থকা মানুহবোৰে ক’লে, "অ’ ভাই! তুমি পাগল হ’লা নেকি? পানী বাঢ়ি আহিছে, সোনকালে নাৱত উঠা নহ’লে ডুবি যাবা।"

কিন্তু মানুহজনে আকৌ ক’লে, "মোৰ ভগৱানৰ ওপৰত বিশ্বাস আছে, তেওঁ মোক ডুবিবলৈ নিদিয়ে।"

​লাহে লাহে পানী ইমানেই বাঢ়িল যে মানুহজন গছৰ ওপৰত উঠিবলগীয়া হ’ল। ঠিক তেনেতে উদ্ধাৰৰ বাবে এটা হেলিকপ্টাৰ আহিল আৰু তেওঁৰ ফালে এডাল ৰছী পেলাই দিলে। হেলিকপ্টাৰৰ পৰা কোৱা হ’ল, "সোনকালে ৰছীডাল ধৰি ওপৰলৈ আহা নহ’লে ডুবিবা, গোটেই গাঁও পানীৰ তলত গৈছে।"

মানুহজনে খঙতে ক’লে, "মই কৈ দিছোঁ নহয়, মোৰ ভগৱান নিজে মোক বচাবলৈ আহিব। মোক মোৰ অৱস্থাতে এৰি তোমালোক ইয়াৰ পৰা যোৱা।"

​পানী বেছি হোৱাৰ বাবে গছজোপাও ডুব গ’ল আৰু মানুহজনৰ মৃত্যু হ’ল। ওপৰলৈ গৈ মানুহজনে ভগৱানক ক’লে, "প্ৰভু, মই আপোনাৰ পৰা এইটো আশা কৰা নাছিলোঁ। মই আপোনাৰ ইমান ভক্তি কৰিলোঁ, দান-পুণ্য কৰিলোঁ, আপোনাৰ ওপৰত ইমান বিশ্বাস ৰাখিলোঁ; তথাপিও আপুনি মোক বচাবলৈ নাহিল?"

​ভগৱানে ক’লে, "মই তোমাক বচাবলৈ এবাৰ নহয়, তিনিবাৰ আহিছিলোঁ। প্ৰথমে সেই মানুহজনৰ ৰূপত, তাৰপিছত নাৱৰ ৰূপত, আৰু শেষত তুমি তথাপিও নুবুজিলা কাৰণে তোমাৰ বাবে হেলিকপ্টাৰো পঠিয়াইছিলোঁ। কিন্তু তুমি প্ৰতিবাৰেই সেই সুযোগ হেৰুৱালা, সেয়েহে মই তোমাক বচাব নোৱাৰিলোঁ।"


​নীতিশিক্ষা

​এই পৃথিৱীত এনে বহুত মানুহ আছে যিয়ে নিজৰ জীৱনত বহুত দুখী, কিন্তু পৰিৱৰ্তনৰ বাবে একো নকৰে। তেওঁলোকে কয়, "ভগৱানে যি বিচাৰিব তেনেকৈয়ে জীৱন চলিব, যি কৰিব ভগৱানেই কৰিব।" তেওঁলোকে সদায় ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি বহি থাকে।

​বন্ধুসকল, ভগৱানে সদায় আমাক সহায় কৰিবলৈ কাৰোবাক নহয় কাৰোবাক মাধ্যম হিচাপে পঠায়। আমাক আগুৱাই যাবলৈ বহুত সুযোগ দিয়ে। কিন্তু এয়া সম্পূৰ্ণ আমাৰ ওপৰত নিৰ্ভৰ কৰে যে আমি সেই সুযোগটোক 'সুযোগ' বুলি চিনাক্ত কৰোঁ নে প্ৰতিবাৰৰ দৰে 'প্ৰতাৰণা' বুলি ভাবি এৰি দিওঁ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !