এজন কৃপণ মানুহ আছিল, যাৰ জীৱনৰ একমাত্ৰ লক্ষ্য আছিল যিকোনো প্ৰকাৰে বহুত ধন-সম্পত্তি জমা কৰা।
তেওঁ কৃপণালি কৰি কৰি নিজৰ জীৱনকালত বহুত ধন গোটাইছিল। কিন্তু সেই ধনেৰে তেওঁ কেতিয়াও সমাজৰ কামত সহায় নকৰিলে, আনকি নিজৰ পৰিয়াল বা নিজৰ বাবেও এটা পইচা খৰচ নকৰিলে।
মানুহজন যেতিয়া বুঢ়া হ’বলৈ ধৰিলে, তেতিয়া তেওঁৰ মনত এটা চিন্তাই আমনি কৰিবলৈ ল’লে। তেওঁ ভাবিবলৈ ধৰিলে— "এই ধনেৰে এতিয়া মই কি কৰিম? ইমানবোৰ টকা মই ক’ত খৰচ কৰিম?"
এই চিন্তাতে তেওঁ দিন-ৰাতি অশান্তিত কটাবলৈ ধৰিলে।
অৱশেষত এদিন তেওঁৰ অন্তিম সময় উপস্থিত হ’ল।
যেতিয়া যমদূতে তেওঁক নিবলৈ আহিল, তেতিয়া সেই কৃপণ মানুহজনে বহুত কাকুতি-মিনতি কৰি ক’লে, "অনুগ্ৰহ কৰি মোক অলপ বেছি সময় দিয়ক।"
যমদূত মান্তি নহ’ল। তেতিয়া মানুহজনে ক’লে, "মোক মাত্ৰ এটা দিনৰ সময় দিয়ক, তাৰ বিনিময়ত মই গোটেই জীৱন ধৰি উপাৰ্জন কৰা সম্পত্তিৰ আধা অংশ আপোনাক দি দিম।"
যমদূত তথাপিও মান্তি নহ’ল আৰু ক’লে— "তোৰ হাতত মাত্ৰ শেষ ১০ মিনিট সময় আছে।"
অতি দুখেৰে মানুহজনে এখন কাগজত লিখিলে:
"মই গোটেই জীৱনটো কেৱল ধন উপাৰ্জন কৰাতে লগাই দিলোঁ, কিন্তু আজি বুজি পালোঁ যে এই ইমানবোৰ ধনেৰেও মই এতিয়া এটা দিনৰ জীৱন কিনিব নোৱাৰোঁ।
মই মাত্ৰ ইয়াকে ক’ব বিচাৰোঁ যে জীৱনজুৰি কেৱল ধন ঘটাৰ নিচাতে মত্ত হৈ নাথাকিব।"
তেওঁ লগতে লিখিলে যে— জীৱন অতি অমূল্য, ইয়াৰ প্ৰতিটো পল সম্পূৰ্ণৰূপে উপভোগ কৰক।
কাৰণ কোনেও নাজানে কেতিয়া এই পৃথিৱী এৰি গুচি যাবলগীয়া হয়।
কাহিনীৰ শিক্ষা: এয়া কেৱল এটা কাহিনী নহয়, ই বহু মানুহৰ জীৱনৰ বাস্তৱ সত্য। জীৱনত বহুত টকা উপাৰ্জন কৰক, কিন্তু সেই ধনেৰে জীৱনটো উপভোগো কৰক। নিজৰ বাবে, পৰিয়ালৰ বাবে আৰু সমাজৰ বাবে টকা খৰচ কৰিবলৈ শিকক।
