কেলকুলেটৰৰ বুটাম টিপিব নালাগে। বহী-কলমৰো প্ৰয়োজন নহয়। কেইছেকেণ্ডমানৰ ভিতৰতে মগজুৰ ভিতৰতে হিচাপ কৰি পেলায় কঠিনৰ পৰা অতি কঠিন অংকৰ সমাধান! বয়স মাত্ৰ ১৬ বছৰ। অথচ এই বয়সতেই ঝুলিত আছে ৯টা গিনিছ ৱৰ্ল্ড ৰেকৰ্ড আৰু দুবাৰকৈ ‘মেণ্টেল কেলকুলেচন ৱৰ্ল্ড কাপ’ জয়ৰ খিতাপ। ভাৰতৰ এই বিস্ময় কিশোৰজনৰ নাম আৰিয়ান শুক্লা। মহাৰাষ্ট্ৰৰ নাছিকৰ বাসিন্দা আৰিয়ান এতিয়া পৰিচিত ‘হিউমেন কেলকুলেটৰ’ নামেৰে। তেওঁৰ অসাধাৰণ গণনা শক্তিয়ে স্তম্ভিত কৰি তুলিছে সমগ্ৰ বিশ্বক।
আৰিয়ানৰ এই অসাধাৰণ প্ৰতিভাৰ আৰম্ভণি কিন্তু শৈশৱতেই হৈছিল। মাত্ৰ ছয় বছৰ বয়সতে মানসিক গণনা বা ‘মেণ্টেল মেথমেটিক্স’ৰ চৰ্চা আৰম্ভ কৰে তেওঁ। কোনো কেলকুলেটৰ বা বহী-কলম নোহোৱাকৈ মনৰ ভিতৰতে অংক কৰাৰ প্ৰতি আছিল প্ৰবল আগ্ৰহ। প্ৰথম অৱস্থাত বিষয়টো আছিল নিছক কৌতূহল। কিন্তু প্ৰায় ডেৰ বছৰৰ ভিতৰতে পুত্ৰৰ অস্বাভাৱিক গণনা শক্তি পিতৃ-মাতৃৰ চকুত পৰে।
ইয়াৰ পিছতেই আৰিয়ানৰ প্ৰতিভাক আগুৱাই লৈ যোৱাৰ সিদ্ধান্ত লয় তেওঁলোকে। সৰুৰে পৰা নিয়মিত অনুশীলন আৰম্ভ হয়। লাহে লাহে বিভিন্ন প্ৰতিযোগিতাত অংশ ল’বলৈ ধৰে তেওঁ। ২০১৮ চনত মাত্ৰ আঠ বছৰ বয়সতে তুৰস্কৰ ইস্তানবুলত অনুষ্ঠিত ‘মেমোৰিয়াড তুৰস্ক অপেন চেম্পিয়নশ্বিপ’ত ভাৰতক প্ৰতিনিধিত্ব কৰে আৰিয়ানে।
তাৰ পৰা সাতটা সোণ, এটা ৰূপ আৰু দুটা ব্ৰঞ্জসহ মুঠ ১০টা পদক জিকি দেশলৈ উভতি আহে। সেই প্ৰতিযোগিতাত শিশু শাখাত দুটাকৈ বিশ্বৰেকৰ্ডো গঢ়িছিল।
১২ বছৰ বয়সতেই বিশ্বচেম্পিয়ন
আৰিয়ানৰ কেৰিয়াৰত ডাঙৰ সফলতা আহে ২০২২ চনত। জাৰ্মানীৰ পেডাৰবৰ্ণত অনুষ্ঠিত ‘মেণ্টেল কেলকুলেচন ৱৰ্ল্ড কাপ’ত মাত্ৰ ১২ বছৰ বয়সতে চেম্পিয়ন হয় তেওঁ। বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীসকলক পিছ পেলাই শ্ৰেষ্ঠত্বৰ খিতাপ আজুৰি আনে এই ভাৰতীয় কিশোৰজনে।
তাতেই থমকি ৰোৱা নাছিল আৰিয়ান। ২০২৪ চনত পুনৰ একেখন প্ৰতিযোগিতাতে অংশ লৈ নিজৰ শ্ৰেষ্ঠ স্থান অক্ষুণ্ণ ৰাখে। কেৱল সেয়াই নহয়, প্ৰতিযোগিতাখনৰ ছটা বিভাগতেই ট্ৰফী জয় কৰে তেওঁ। যোগ, পূৰণ, বৰ্গমূল নিৰ্ণয়ৰ পৰা কেলেণ্ডাৰৰ তাৰিখ সম্পৰ্কীয় হিচাপলৈকে—বিভিন্ন ধৰণৰ মানসিক গণনাত নিজৰ দক্ষতাৰ প্ৰমাণ দিয়ে আৰিয়ানে।
কেনেকৈ আহিল ৯টা গিনিছ ৱৰ্ল্ড ৰেকৰ্ড?
২০২৪ চনৰ ফেব্ৰুৱাৰীত ইটালীৰ এটা টেলিভিছন শ্ব’ ‘ল’ শ্ব’ দেই ৰেকৰ্ড’ত অংশ লৈ প্ৰথমটো গিনিছ ৱৰ্ল্ড ৰেকৰ্ড গঢ়ে আৰিয়ানে। তাত মাত্ৰ ২৫.১৯ ছেকেণ্ডতে মনৰ ভিতৰতে ৫০টা পাঁচটা অংকযুক্ত সংখ্যা (five-digit numbers) যোগ কৰি দেখুৱায়। ইয়াৰ পিছত ২০২৪ চনৰ ডিচেম্বৰত ডুবাইত এদিনতে ছটাকৈ নতুন বিশ্বৰেকৰ্ড গঢ়ি নজিৰ সৃষ্টি কৰে।
তেওঁৰ ৰেকৰ্ডৰ তালিকাত আছে মাত্ৰ ১৮.৭১ ছেকেণ্ডত ৫০টা পাঁচটা অংকযুক্ত সংখ্যা যোগ কৰা। ইয়াৰ উপৰি ৩০.৯ ছেকেণ্ডত ১০০টা চাৰিটা অংকযুক্ত সংখ্যা আৰু ১ মিনিট ৯.৬৮ ছেকেণ্ডত ২০০টা চাৰিটা অংকযুক্ত সংখ্যা যোগ কৰাৰ ৰেকৰ্ডো তেওঁৰ দখলত আছে।
আনকি, ২০টা অংকযুক্ত এটা সংখ্যাক ১০টা অংকযুক্ত সংখ্যাৰে হৰণ কৰা আৰু ডাঙৰ সংখ্যাৰ পূৰণ কৰাৰ দৰে জটিল হিচাপো মগজুৰ ভিতৰতে নিমেষতে কৰি পেলাব পাৰে আৰিয়ানে।
২০২৬ চনৰ এপ্ৰিল মাহত ইটালীত পুনৰ দুটা গিনিছ ৰেকৰ্ড গঢ়ে তেওঁ। মাত্ৰ ৭১.২২ ছেকেণ্ডত ১০টা আঠটা অংকযুক্ত সংখ্যাৰ বৰ্গমূল নিৰ্ণয় কৰে। লগতে ২৮.৮১ ছেকেণ্ডত ১০টা ১০টা অংকযুক্ত সংখ্যাক পাঁচটা অংকযুক্ত সংখ্যাৰে হৰণ কৰাৰ নজিৰো সৃষ্টি কৰে।
এইদৰেই এটাৰ পিছত আন এটা অসাধ্য সাধন কৰি মাত্ৰ ১৬ বছৰ বয়সতেই নটা গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ গৰাকী হৈছে আৰিয়ান।
পঢ়া-শুনা, প্ৰতিযোগিতা—সকলোতে সমানেই দক্ষ
ইমান সফলতাৰ মাজতো পঢ়া-শুনাত কোনো ক্ৰুটি ৰখা নাই আৰিয়ানে। বৰ্তমান নাছিকৰ দিল্লী পাব্লিক স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰ তেওঁ। দশম শ্ৰেণীৰ পৰীক্ষাত পাইছিল ৯৭ শতাংশ নম্বৰ। গণিতৰ লগতে পদাৰ্থ বিজ্ঞানৰ প্ৰতিও বিশেষ আগ্ৰহ আছে তেওঁৰ। কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু প্ৰযুক্তিৰ নানা বিষয় লৈও কৌতূহল আছে এই কিশোৰজনৰ। প্ৰতিযোগিতাৰ মঞ্চত নমাৰ পূৰ্বে ভয় বা নাৰ্ভাছ আৰিয়ানৰো লাগে।
কিন্তু নিয়মিত অনুশীলন আৰু আত্মবিশ্বাসে তেওঁক আগুৱাই নিয়াত সহায় কৰে। প্ৰতিদিনের সূচীত আছে কেইবা ঘণ্টাও অংকৰ চৰ্চা। লগতে একাগ্রতা বজাই ৰাখিবলৈ যোগাসন বা প্ৰাণায়ামো কৰে তেওঁ।
নিজৰ প্ৰতিভা আনৰ মাজত বিলাই দিব বিচাৰে আৰিয়ানে
কেৱল নিজৰ ৰেকৰ্ড গঢ়াই এতিয়া আৰিয়ানৰ একমাত্ৰ লক্ষ্য নহয়। সৰু ল’ৰা-ছোৱালীৰ মাজত গণিতৰ প্ৰতি আগ্ৰহ জগাই তুলিবলৈও উদ্যোগী হৈছে তেওঁ। ‘গ্ল’বেল মেণ্টেল কেলকুলেটৰ্ছ এছ’চিয়েচন’ৰ প্ৰতিষ্ঠাপক ব’ৰ্ড সদস্য হিচাপেও জড়িত হৈ আছে আৰিয়ান। শিশুসকলৰ বাবে মানসিক গণনাৰ প্ৰশিক্ষণমূলক কাৰ্যসূচীও পৰিচালনা কৰিছে।
অংকক ভয় নকৰি কেনেকৈ আনন্দৰ মাজেৰে জটিল হিচাপ কৰিব পাৰি, তাকেই আনক শিকাব বিচাৰে এই প্ৰতিভাশালী কিশোৰজনে।
আৰিয়ানৰ পিতৃ নীতিন শুক্লাৰ মতে, সন্তানৰ ওপৰত নিজৰ স্বপ্ন বা প্ৰত্যাশা জাপি দিয়াটো উচিত নহয়।
বৰঞ্চ যি বিষয়ত সন্তানৰ আগ্ৰহ আছে, তাত উৎসাহিত কৰাটোহে প্ৰয়োজন। আৰিয়ানৰ ক্ষেত্ৰতো তেওঁলোকে তাকেই কৰিছিল। পুত্ৰৰ প্ৰতিভা উপলব্ধি কৰি তেওঁলোকে সময় দিলে আৰু অনুশীলনৰ সুযোগ কৰি দিলে।
মাত্ৰ ছয় বছৰ বয়সত আৰম্ভ হোৱা যাত্ৰা আজি উপনীত হৈছে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিৰ মঞ্চত। ১৬ বছৰ বয়সতেই নটা গিনিছ ৰেকৰ্ড, দুবাৰকৈ বিশ্বচেম্পিয়ন হোৱাৰ গৌৰৱ—সকলো মিলাই আৰিয়ান শুক্লাৰ কাহিনী কেৱল অসাধাৰণ গণনা শক্তিৰেই নহয়, বৰঞ্চ নিষ্ঠা, অধ্যৱসায় আৰু সঠিক পাৰিবাৰিক সহযোগিতাৰো এক অনন্য নিদৰ্শন।
