খেতিয়কৰ পথাৰত সোমাই মনে বিচৰা ধৰণে কুঁহিয়াৰ খাই আছিল এটা হাতীৰ পোৱালি। কিন্তু হঠাৎ মানুহৰ উপস্থিতি গম পাই বিপদত পৰে সি।
পলাই যোৱাৰ পৰিৱৰ্তে বাটৰ কাষৰ এটা সৰু বিদ্যুতৰ খুঁটাৰ আঁৰত আশ্ৰয় লয়। যেন খুঁটাটোৰ পিছফালে থিয় হৈ থাকিলে কোনেও তাক দেখা নাপাব! অথচ খুঁটাটোৰ তুলনাত তাৰ শৰীৰটো ইমানেই ডাঙৰ আছিল যে প্ৰায় গোটেই শৰীৰটোৱেই ওলাই আছিল। হাতী পোৱালিটোৰ এনে এক আমোদজনক কাণ্ডই সামাজিক মাধ্যমত ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে।
ঘটনাটো থাইলেণ্ডৰ উত্তৰ প্ৰান্তৰ চিয়াং মাই (Chiang Mai) অঞ্চলৰ বুলি জানিব পৰা গৈছে। স্থানীয় এজন খেতিয়কৰ পথাৰত সোমাই কুঁহিয়াৰ খাই আছিল হাতীৰ পোৱালিটোৱে। ঠিক তেনেতে স্থানীয় কেইজনমান লোকে বিষয়টো দেখা পায়।
তেওঁলোকে হাতীটোৰ পিনে আগবাঢ়ি গৈ পোহৰ মৰাৰ লগে লগে সি অদ্ভুত আচৰণ কৰিবলৈ লয়। মানুহৰ উপস্থিতি দেখি দৌৰি পলোৱাৰ সলনি ওচৰতে থকা এটা বিজুলীৰ খুঁটাৰ পিছফালে গৈ থিয় হয়। তাৰ পিছত একেবাৰে নিশ্চল হৈ ৰৈ থাকে।
দৃশ্যটো দেখি এনে লাগিছিল যেন হাতী পোৱালিটোৱে ভাবি লৈছিল, খুঁটাটোৰ আঁৰত থিয় হ’লে তাক আৰু কোনেও দেখা নাপাব। কিন্তু সমস্যাটো হ’ল, খুঁটাটো আছিল একেবাৰে মিহি আৰু সৰু। আনহাতে হাতীৰ পোৱালিটোৰ শৰীৰ যথেষ্ট ডাঙৰ। ফলত খুঁটাটোৰ পিছফালে থিয় হৈও সি নিজৰ শৰীৰটো লুকুৱাব নোৱাৰিলে।
এই আমোদজনক মুহূৰ্তটোৰ এটা ছবি কেমেৰাত বন্দী কৰা হয়। পৰৱৰ্তী সময়ত সেয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে।
