No title

Assamese Information
0
মাকৰ সংগ্ৰামেৰে সন্তানৰ সপোনৰ নতুন ঠিকনা
মুম্বাইৰ বস্তিত ডাঙৰ-দীঘল হোৱা গৌতম পাভাড়িয়াৰ এই সফলতা কেৱল তেওঁৰ ইউপিএছচি উত্তীৰ্ণ হোৱাৰ কাহিনী নহয়, ই হৈছে এগৰাকী মাকৰ ত্যাগ আৰু সংগ্ৰামৰ এক জীৱন্ত দলিল।


স্কুলৰ মুখ নোচোৱা এইগৰাকী মাকৰ কেবল এটায়ে সপোন আছিল— নিজৰ সন্তানক উচ্চ শিক্ষিত কৰি গঢ়ি তোলা।

শাৰীৰিক সমস্যা আৰু নানা প্ৰতিকূলতাক নেওচি তেওঁ মুম্বাইৰ জাবৰৰ দ’মৰ পৰা আবৰ্জনা বুটলি বিক্ৰী কৰি পৰিয়ালৰ ভৰণ-পোষণ চলাইছিল।

কোনো ধৰণৰ প্ৰশিক্ষণ অবিহনেই তেওঁ আই আই টি মাদ্ৰাছত ইঞ্জিনিয়াৰিং পঢ়াৰ সুযোগ লাভ কৰে, আৰু পিছলৈ ইউপিএছচি ইণ্ডিয়ান ফৰেষ্ট চাৰ্ভিছ পৰীক্ষাতো সৰ্বভাৰতীয় স্তৰত ১৩৯ সংখ্যক স্থান দখল কৰে।

গৌতমৰ জীৱনৰ আটাইতকৈ আবেগঘন মুহূৰ্ট তেতিয়াই আহিল, যেতিয়া তেওঁ নিজৰ মাকক তেওঁৰ নিজৰ অফিচৰ চকীখনত বহুৱালে। এই সাফল্য কেৱল গৌতমৰ নিজৰ নহয়, ই তেওঁৰ মাকৰ অদম্য সংগ্ৰামৰ এক জয়গান।
Tags

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !