বিশ্ববিদ্যালয়ত পঢ়িবলৈ হ’লে সাধাৰণতে শিক্ষাৰ্থীসকলে চৌহদৰ আশে-পাশে ঘৰ ভাড়া লয়। কিন্তু কানাডাৰ এজন শিক্ষাৰ্থীয়ে হিচাপ কৰি দেখিলে যে বিশ্ববিদ্যালয়ৰ ওচৰত ঘৰ ভাড়া লোৱাতকৈ আন এখন চহৰৰ পৰা বিমানেৰে অহা-যোৱা কৰাটোৱেই অধিক সুলভ!
সেয়ে ঘৰভাড়াৰ খৰচ বচাবলৈ তেওঁ সপ্তাহত দুদিন বিমানেৰে ক্লাছ কৰিবলৈ যাবলৈ আৰম্ভ কৰে।
ঘটনাটো কানাডাৰ। ছাত্ৰজনৰ নাম টিম চেন। তেওঁ 'ইউনিভাৰ্চিটি অৱ ব্ৰিটিছ কলম্বিয়া'ৰ শিক্ষাৰ্থী আছিল।
২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত টিমে তেওঁৰ এই ব্যতিক্ৰমী যাতায়াতৰ অভিজ্ঞতা প্ৰকাশ কৰে।
সেই সময়ত তেওঁৰ বিশ্ববিদ্যালয়খন আছিল কানাডাৰ ভেনকুভাৰ (Vancouver) চহৰত।
অথচ তেওঁ প্ৰায় ৭০০ কিলোমিটাৰ দূৰৰ কেলগেৰী (Calgary) চহৰত পিতৃ-মাতৃৰ সৈতে বাস কৰিছিল। টিমে হিচাপ কৰি দেখিছিল যে ভেনকুভাৰত এটা কোঠাৰ এটা ঘৰ ভাড়া ল'বলৈ প্ৰতি মাহে প্ৰায় ২,৫০০ কানাডিয়ান ডলাৰ খৰচ হ’ব।
আনহাতে কেলগেৰীত পিতৃ-মাতৃৰ ঘৰত থকাৰ বাবে তেওঁ কোনো ভাড়া দিব লগা হোৱা নাছিল। বিশ্ববিদ্যালয়ত সপ্তাহত মাত্ৰ দুদিনহে সশৰীৰে ক্লাছ কৰাৰ প্ৰয়োজন আছিল। সেয়েহে তেওঁ সিদ্ধান্ত লয় যে সেই দুদিন তেওঁ বিমানেৰেই অহা-যোৱা কৰিব।
সাধাৰণতে পুৱা কেলগেৰীৰ পৰা বিমানেৰে তেওঁ ভেনকুভাৰত উপস্থিত হৈছিল। তাৰ পিছত বিশ্ববিদ্যালয়লৈ গৈ ক্লাছ কৰিছিল। ক্লাছ শেষ হোৱাৰ পিছত বাছত উঠি পুনৰ বিমানবন্দৰলৈ আহিছিল আৰু ৰাতিৰ বিমানেৰে কেলগেৰীলৈ উভতি গৈছিল।
প্ৰতিবাৰ অহা-যোৱাৰ বিমানভাড়া প্ৰায় ১৫০ কানাডিয়ান ডলাৰ পৰিছিল। সপ্তাহত দুদিনকৈ মাহত আঠবাৰ যাতায়াত কৰোঁতে তেওঁৰ বিমানভাড়া খৰচ হৈছিল প্ৰায় ১,২০০ কানাডিয়ান ডলাৰ। অৰ্থাৎ ভেনকুভাৰত ঘৰ ভাড়া লোৱাৰ তুলনাত কেৱল বিমানভাড়াৰ হিচাপতেই প্ৰতি মাহে তেওঁৰ প্ৰায় ১,৩০০ ডলাৰ কম খৰচ হৈছিল।
