Assamese Quotes And Status On Life

বন্ধু-বান্ধৱী সকল আজি আমি এই আর্টিকেলটোত কেইটামান Assamese Quotes And Status On Life লিখিম আশা কৰোঁ এই Assamese Quotes And Status সমূহ আপোনালোকৰ ভাল লাগিব।
যদি ভাল লাগে তেনেহলে শ্বেয়াৰ কৰিব ।


এটা কথা বুজি নাপাও
প্ৰতিটো সম্পৰ্ক প্ৰথমতে ধুনীয়া হয়,
অতি সংগঠিত হয়,
কিন্তু কিছু সময়ৰ পাছত
কিয় বা আগৰ দৰে কথা নহয় 
কোনেও কাকো বুজিব নিবিচাৰে।
এজনে অপেক্ষা কৰি বহি থাকে
আন এজন ব্যস্ততা দেখায়।
প্ৰথমতে ইমান ব্যস্ত ক'ত আছিল?
শেষত ইমান পৰিৱৰ্তন কিয়?
যি তুমি আৰাম্ভনিতে কেতিয়াও নাছিলা।


এটা কথা জানেনে?
আপুনি সস্তীয়া কিবা এটা পালে
সেই বস্তুৰ মূল্য আপুনি কেতিয়াওঁ নুবুজে
আকৌ যদি সেই বস্তুটো আপোনাৰ পৰা হেৰাই যায় 
তেতিয়া আপুনি বুজিব পাৰিব
আপুনি কি পাইছিল, আৰু কি হেৰুৱালে।


ল'ৰাবোৰ মন বহুত বিচলিত হয়
বেছিভাগ সময়তে এই তিনিটা কাৰণতে -
প্ৰথমে যেতিয়া তেওঁৰ পকেটত টকা নাথাকে,
দ্বিতীয়তে যেতিয়া তেওঁৰ মাক-দেউতাক বৰ বেমাৰত থাকে,
আৰু তৃতীয়টো হ’ল
তাৰ ভালপোৱা মানুহজনী তাৰ জীৱনৰ পৰা নোহোৱা হৈ যায়।


যদি মই গোটেই দিনটো তোমাৰ লগত থাকিব পাৰিলোহেঁতেন
তেনেহলে ৰাতিপুৱাটো তোমাৰ হাঁহিৰে আৰম্ভ কৰিলো হেতেন।
দুপৰীয়া তোমাৰ কাহিনীটোত নিজকে হেৰুৱালোঁ হেতেন।
আৰু সন্ধিয়াটো তোমাৰ হাতত হাত ধৰি খোজ কাঢ়ি কটালো হেতেন।


জীৱনে কেতিয়াবা আমাক এনে এটা বাটত লৈ যায়
য'ত আমি সেই বস্তুটো হেৰুৱাই পেলাওঁ
যিটো এসময়ত আমাৰ বহুত প্ৰিয় আছিল
সময়ৰ লগে লগে সকলো সলনি হয়।
কিছুমান স্মৃতি মনৰ কোণত জমা হৈ থাকে।
যিবোৰ কেতিয়াও ঘূৰি নাহে।


তোমাৰ আচৰণত মই আ*ঘা*ত পাইছো।
কিন্তু মই চিঞৰ-বাখৰ কৰা নাছিলো।
মই কোনো অভিযোগ কৰা নাছিলো।
মই মাত্ৰ নিজকে আঁতৰাই আনিছো।
মই মনে মনে তোমাৰ জীৱনৰ পৰা আঁতৰি আহিছো।
তুমি হয়তো ভাবিছা যে তুমি জয়ী হৈছা।
কিন্তু সময়ৰ লগে লগে
এই মৌনতাই তোমাৰ বিবেকৰ দুৱাৰত টোকৰ মাৰিব।
তুমি হয়তো আগবাঢ়ি যাব বিচাৰিব।
কিন্তু মৌনতা থমকি নাথাকিব।
কাৰণ প্ৰকৃত প্রতিবাদ কেতিয়াও গৰ্জন নকৰে।
যেতিয়ালৈকে ই নীৰৱে বৈ থাকে
যেতিয়ালৈকে হৃদয়ত অনুশোচনাৰ জন্ম নহয়।


জীৱনত ভাগৰি পৰোঁ কেতিয়াবা নিজৰ লগত,
কেতিয়াবা ভাগ্যৰ লগত,
কেতিয়াবা সময়ৰ লগত,
কেতিয়াবা সম্পর্কবোৰৰ লগত।


আনে যিমানেই যি নকওক কিয়
আপুনি মনে মনে থাকিবলৈ শিকক
কিয়নো সূর্য্যই যিমান প্ৰখৰ ৰ'দ দিলেও পৃথিৱীৰ
সাগৰক শুকুৱাব নোৱাৰে।


এজন মানুহে সময়ক সুধিলে মই হাৰি যাঁও কিয়?
সময়ে কলে -
ৰ'দ হওঁক বা বৰষুণ দিন হওঁক বা
ঘোপমৰা আন্ধাৰ পৰিস্থিতি যিয়েই নহওঁক
মই সদায় আগবাঢ়ি থাকো তুমিও মোৰ সৈতে ব'লা।


যেতিয়া তোমাৰ ওচৰত অজস্র ধন-সম্পত্তি থাকিব
তেতিয়া তুমি পাহৰি যাবা, তুমি কোন ?
আৰু যেতিয়া তোমাৰ ওচৰত ধন-সম্পত্তি নাথকিব
তেতিয়া এই পৃথিৱীখনে পাহৰি যাব, তুমি কোন ?


আপুনি নিশ্চয় কচুৰ পাত দেখিছে।
ওপৰৰ অংশটো সেউজীয়া, কিন্তু ভিতৰখন খজুৱতি ভৰা !
ঠিক তেনেকৈয়ে কিছুমান মানুহ আছে,
দেখাত মানুহৰ দৰে, কিন্তু
ভিতৰখন জাবৰেৰে ভৰা।"


চৰিত্ৰ আৰু আচৰণৰ যত্ন লওক,
ভাল মানুহ হ’বলৈ দামী কাপোৰ,
গাড়ী, ঘৰৰ মালিক হ’ব নালাগে।


নিজৰ স্বামী জন ভাল হ'লে
পৃথিৱীৰ কোনো বন্ধুৰ দৰকাৰ নহয়,
ঠিক তেনেদৰে যদি স্বামী বেয়া হ'লে
জীৱনত আৰু শত্ৰুৰ প্ৰয়োজন নহয়,
স্বামী ভাল হ'লে পৃথিৱীতেতে স্বর্গ পোৱা যায়।


খাদ্য যিমানেই দামী নহওক কিয়,
পচিলে তাৰ কোনো মূল্য নাথাকে !
ঠিক তেনেদৰে
যিমানেই শিক্ষা নাথাকক জস কিয়,
যদি মানৱতা নাথাকে,
তেন্তে সেই শিক্ষাৰ কোনো মূল্য নাথাকে।


আনন্দত থাকিলে, কথা নিদিব।
খঙত থাকিলে, উত্তৰ নিদিব।
বিশ্লেষণ কৰক, জ্ঞান পাব।
ভক্তি কৰক, মুক্তি পাব।
দুখত থাকিলে, সিদ্ধান্ত নলব।
লাহেকৈ কথা ক'ব, শান্তি পাব।
শান্ত হওঁক, সুখ পাব।


ডাক্তৰে বিচাৰে সকলোৰে বেমাৰ হওক !
পুলিচে বিচাৰে সকলোৰে অপৰাধী হওক !
উকিলে বিচাৰে সকলোয়ে কাজিয়া কৰক !
ঠিকাদাৰে বিচাৰে সকলোয়ে শ্রমিক হওক !
অকল এজন শিক্ষকে বিচাৰে
সকলো ছাত্রয়ে সফল হওক !
সকলো শিক্ষকৰ বাবে এটা লাইক কৰক ।


মাতৃৰ বিষয়ে বৈজ্ঞানিকভাৱে প্রমাণিত ৫টা তথ্য:
১) শিশুৰ চকুলৈ চালে শিশুৰ হতাশা আৰু উদ্বেগ দূৰ হয়।
২) যেতিয়া এগৰাকী মাতৃয়ে নিজৰ সন্তানক চুমা খায় তেতিয়া শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।
৩) মাতৃৰ মাত শুনিলে শিশুৰ মানসিক চাপ দূৰ হয়।
৪) যেতিয়া এগৰাকী মাতৃয়ে নিজৰ কেঁচুৱাক সাৱটি ধৰে তেতিয়া শিশুটিৰ অস্থিৰতা কমি যায় আৰু ভাগৰ নাইকিয়া হয়।
৫) মাকক হাঁহি থকা দেখি শিশুটি সুখী হয়।


মিঠা মুখৰ মিছা কথা বেছি।
মিছলীয়াসকলে হাঁহি বেছি।
দুখীয়াৰ কষ্ট বেছি।
ধনীসকলৰ দাবী বেছি।
মূর্খবোৰে ভাল পায় বেছি।
মধ্যবিত্ত শ্রেণীয়ে সপোন দেখে বেছি।
সৰল মানুহে ঠগ খায় বেছি।


ডাক্তৰক খং নকৰিবা
জীৱন লৈ ল'ব,
শিক্ষকক খং নকৰিবা
ভৱিষ্যৎ নষ্ট হ'ব,
ভিক্ষাৰীক খং নকৰিবা
বেয়া আশীর্বাদ দিব,
মাক-দেউতাকক খং নকৰিবা
জীৱন ধ্বংস হ'ব।


অত্যধিক মৰমে - শিশু নষ্ট।
অত্যধিক সন্দেহ – সম্পর্ক নষ্ট।
অত্যধিক অহংকাৰে - মানুহ নষ্ট।
বেছি নিমখ - তৰকাৰী নষ্ট।
অত্যধিক নেতা - দেশ নষ্ট।
অত্যধিক কথা – সন্মান নষ্ট।
অত্যধিক লোভ - জীৱন নষ্ট।


কেতিয়াবা মোৰ কেঁচুৱাটো শুই থাকিলে
মই নিজকে দোষী অনুভৱ কৰো।
পৰিয়ালৰ কামৰ হেঁচাত গোটেই দিনটো মোৰ বাচ্চাক অৱহেলা কৰো,
বকাবকি কৰো, খং কৰো।
কিন্তু তাই শুই থাকোঁতে যেতিয়া তাইৰ নিৰীহ মুখখন চাওঁ,
তেতিয়া সঁচাকৈয়ে নিজকে দোষী অনুভৱ কৰো।


কেতিয়াবা সময় পালে বহি চিন্তা কৰক।
মই যদি পৃথিৱীত নাথাকো তেন্তে
আটাইতকৈ বেছি কোনে কষ্ট পাব ?
কোনে মোক বেছিকৈ মিছ কৰিব...?
প্ৰথমে যাৰ কথা মনলৈ আহে
সেইজনৰ বাবে জীয়াই থাকক।


ব্লেড অতি চোকা যদিও
গছ কাটিব নোৱাৰে,
কুঠাৰ অতি মজবুত যদিও
চুলি কাটিব নোৱাৰে।
গতিকে প্রতিটো বস্তুৱেই নিজৰ নিজৰ কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ।


কি অদ্ভুত দুটা জীৱন....!
যাৰ চকুত টোপনি আছে
তাৰ ভাল বিচনা এখন নাই।
যাৰ ভাল বিচনা আছে
তাৰ চকুত টোপনি নাই।
যিজনৰ হৃদয়ত দয়া আছে
তেওঁৰ দিবলৈ একো নাই।
সম্পর্কক মূল্য দিয়া জনৰ লগত
সম্পর্কত থাকিব নিবিচাৰে।
যাৰ পেটত ভোক আছে
তাৰ ওচৰত খানা নাই।


এই কথা কেইটা প্রায় মানুহে পাহৰি যায় !
মানুহ ধনী হলে পাহৰি যায়
তেওঁৱো যে এদিন দুখীয়া আছিল,
শিক্ষক হলে পাহৰি যায়
তেওঁৱো যে এদিন ছাত্র আছিল,
শাহুৱেক হ'লে পাহৰি যায়
তেওঁৱো যে এদিন বোৱাৰী আছিল,


যিয়ে দোষ কৰি ক্ষমা বিচাৰে
তেওঁ খুব সাহসী।
যিয়ে প্রতিশোধ নলৈ ক্ষমা কৰি দিয়ে
তেওঁ শক্তিশালী।
আৰু যিয়ে সকলো দুখ পাহৰি যায়
তেওঁ মহাসুখী।


এই ৩ প্ৰকাৰ মানুহৰ কপালত সদায় দুখ থাকেই।
১) যিসকলে কেতিয়াও নিজৰ ওপৰত কৰা অন্যায়ৰ প্ৰতিবাদ কৰিব নাজানে,
২) যিসকল অত্যধিক ভদ্ৰ আৰু নম্র,
৩) যিসকলে কেতিয়াও কাকো না ক'ব নোৱাৰে কাৰণ তেওঁলোকে সদায় আন কাৰোবাক আঘাত পাব বুলি ভাবে।



পুত্ৰ চিনি পাবা বিয়াৰ পিছত।
জীয়ৰী চিনি পাবা যৌৱনত।
স্বামী চিনিব পাৰি পত্নীৰ অসুখত।
পত্নী চিনিব পাৰি স্বামীৰ দৰিদ্ৰতাত।
বন্ধু চিনিব পাৰি বিপদৰ সময়ত।
ভাই চিনিব পাৰি কাজীয়াৰ সময়ত।
ভনী চিনিব পাৰি সম্পত্তিৰ ক্ষেত্ৰত।
সন্তান চিনিব পাৰি বৃদ্ধা বয়সত।
দেউতাক চিনিব পাৰি মা মৰাৰ পিছত।
কিন্তু, মা'ক চিনিব নালাগে মা সদায় মায়েই।


আপুনি মোৰ কথাত একমত নে...??
কোনোবাই মোক বেয়া বুলি ভাবিলেও
মোৰ একো কবলগীয়া নাই, কাৰণ
এজন ব্যক্তিয়ে সকলোকে ভাল পাব পাৰে কিন্তু
সকলোৰে দৃষ্টিত ভাল হ'ব নোৱাৰে।
সকলোৰে দৃষ্টিত ভাল হোৱা মানে,
যি সময়ত প্ৰতিবাদ কৰিব লাগিছিল
সেই সময়ওতো তেওঁ নিমাত হৈ আছিল।



আজিৰ দিনত
ভদ্র মানে - তুমি ভয়াতুৰ !
নিৰীহ মানে j তুমি দূর্বল !
সৎ মানে - তুমি বুর্বক !
স্পষ্ট বক্তা মানে - তুমি শত্রু!
আপুনি একমত নে...?


মাতৃয়ে যিমানেই মাৰপিট নকৰক কিয়,
যিমানেই বকাবকি নকৰক কিয়,
এদিন মা ঘৰত নাথাকিলে বুজা যায় ঘৰখন কিমান শূন্য...!
মা'ক ভালপোৱা সকলে এটা লাইক কৰিব।


অত্যধিক মৰমে - শিশু নষ্ট।
অত্যধিক সন্দেহ – সম্পর্ক নষ্ট।
অত্যধিক অহংকাৰে - মানুহ নষ্ট।
বেছি নিমখ - তৰকাৰী নষ্ট।
অত্যধিক নেতা - দেশ নষ্ট।
অত্যধিক কথা – সন্মান নষ্ট।
অত্যধিক লোভ - জীৱন নষ্ট।


নাৰী হৈছে সর্বোচ্চ সন্মানৰ যোগ্য, কাৰণ
ছোৱালীৰ হিচাপে মিঠা,
ভনীয়েক হিচাপে যত্নশীল,
প্ৰেমিকৰ হিচাপে ধুনীয়া,
পত্নী হিচাপে প্রিয়,
মাতৃ হিচাপে দয়ালু,


সৎ হ'লে ধৰ্ম কৰক,
টকা থাকিলে দান কৰক,
শক্তি থাকিলে ৰক্ষা কৰক,
পাপ থাকিলে প্রায়শ্চিত্ত কৰক,
পিতৃ-মাতৃ থাকিলে সেৱা কৰক।


এটা বাস্তৱ কথা !
আচলতে স্বামীতকৈ আপোন কোনো নহয়,
এটা নিৰ্দিষ্ট বয়সৰ পাছত
মা- দেউতাৰ কাষতো ছোৱালী বোজা হৈ যায়..।
কিন্তু স্বামী নামৰ মানুহজনে অপৰিসীম কষ্ট কৰি,
পৰিশ্ৰম কৰি যায় পত্নী আৰু পৰিয়ালক
ভালে ৰখাৰ কাৰণে।


আপুনি একমত নে...?
টকা থাকিলে সকলো আপোন,
টকা নাথাকিলে তুমি কোন,
সহ্য কৰি থাকিলে তুমি মহান,
উত্তৰ দিলে তুমি বেইমান,
ভুল দেখিও চকু মুদি থাকিলে তুমি বিশ্বাসী,
ভুল দেখি আঙুলিয়াই দিলে তুমি সন্দেহ বাদি।


যেতিয়া আপুনি মূল্যহীন হৈ পৰে,
তেতিয়া আঁতৰি আহক -
যেতিয়া আপোনজনে আপোনাৰ প্রতি গুৰুত্ব হেৰুৱাব,
তেতিয়া নিজাববীয়াকৈ আঁতৰি আহক।
সেয়া কষ্টৰ হ’লেও সন্মানৰ বাবে প্ৰয়োজনীয়।


হতাশগ্ৰস্ত ব্যক্তিক পৰামৰ্শ নহয়,
তাৰ প্রতি মনোযোগ দিয়ক –
যদি কোনোবাই হতাশাত ভুগিছে ​​তেন্তে জ্ঞান বা পৰামৰ্শ দিয়াতকৈ
তেওঁৰ কথা মনোযোগেৰে শুনক।
এই সময়ত মানুহে নিজৰ মনৰ কথা কাৰোবাক ক’ব বিচাৰে,
উপদেশ শুনিবলৈ নহয়।


চ্ছাকৃতভাৱে আনৰ কষ্ট নিদিব -
আপুনি অন্যায় কৰা ব্যক্তিজন হয়তো মৌন হৈ থাকিব,
কিন্তু তেওঁলোকৰ মৌনতাই এদিন
আপোনাৰ লগত হিচাপ নিষ্পত্তি কৰিব।


অহংকাৰ ত্যাগ কৰক –
নিজৰ স্থিতিৰ ওপৰত অতিমাত্ৰা আত্মবিশ্বাসী বা অহংকাৰ নকৰিব।
সময় সলনি হ’লে অতি অশান্ত সাগৰখনো
শুকাই মৰুভূমিত পৰিণত হয়।


মূৰ্খৰ লগত তৰ্ক কৰাটো অৰ্থহীন –
গাধৰ লগত তৰ্ক কৰি বা একো শিকাবলৈ চেষ্টা কৰি লাভ নাই।
কাৰণ, গাধৰ পিঠিত ধর্মগ্রন্থ ৰাখিলেও
গাধ গাধ হৈয়েই থাকে।


মানুহে উপকাৰ মনত নাৰাখে -
মানুহে আপোনাৰ উপকাৰ কিমান দিনলৈ মনত ৰাখিব
সেয়া নিৰ্ভৰ কৰে আপোনাৰ কিমান দিনলৈ
তেওঁলোকৰ বাবে কিবা এটা কৰাৰ
ক্ষমতা আছে তাৰ ওপৰত।


কাকো জোৰ-জবৰদস্তি নকৰিবা
কথা পাতিবলৈ !
আপুনি মনে মনে থাকক আৰু
বুজাই দিয়ক
যে আপুনি তেওঁৰ অবিহনে
জীয়াই থাকিব পাৰে..!!!


নাজানো তোমাক কেনেকৈ লগ পাম,
নাজানো কেনেকৈ তোমাৰ ওচৰ যাম,
নাজানো মই তুমি মোৰ কথা কিমান ভাবা,
মই মাত্ৰ জানো যে এই মূৰ্খ হৃদয়খনে
তোমাক বহুত মিছ কৰে।


কাহিনীটো তেতিয়াই ভাল আছিল,
যেতিয়া তুমি আছিলা অচিনাকি
আৰু মই আছিলো নিজৰ মাজতে সীমাবদ্ধ।


প্ৰতি মিনিটত মই পঠোৱা বিৰক্তিকৰ মেছেজবোৰ
এদিন বহুত মিছ কৰিবা,
তেতিয়া বুজিবা তোমাক পাগলৰ দৰে ভালপোৱা
আছিল কোনোৱা।


হয়, মই সলনি হৈছো
কাৰণ তুমি মোক সলনি কৰিবলৈ বাধ্য কৰিছিলা।
আগতে মই কিন্তু এনেকুৱা নাছিলোঁ।


সময় তেওঁক দিয়ক যিজনে সময়ৰ মূল্য বুজি পায়,
আৰু গুৰুত্ব তেওঁক দিয়ক,
যিজনে গুৰুত্বৰ মূল্য বুজি পায়।
সম্পৰ্ক তাৰ লগত ৰাখক
যিজনে সম্পৰ্কৰ মূল্য বুজি পায়।


তোমাৰ সুখৰ বাবে যদি তোমাক পাহৰি যাব লগা হয়,
তেন্তে ম‌ই পাহৰিব ৰাজি আছোঁ…
পাহৰিব হয়তো কোনো দিনেও নোৱাৰিম,
কিন্তু পাহৰি থকাৰ অভিনয় কৰিব পাৰিম ঠিকেই ।


জীৱনত এটা পৰ্য্যায়ত আহি এনেকুৱা অনুভৱ হৈ যে
মা – দেউতাই কোৱা কথাবোৰ সত্য আছিল
সময়তে যদি তেওঁলোকৰ কথা শুনিলো হৈ
আজি হয়তো জীৱনটো এইদৰে কঠিন ন’হল হয়।


চিতাৰ বগা কাপোৰখন গুচাই জাপ খাই থকা চকুযুৰি ভালদৰে চাই লবা,
পুনৰ সেই দুচকু কাহানিও দেখা নাপাবা,
যাক জীৱনজুৰি কন্দুৱালা।


যদি আপুনি কাৰোবাক প্ৰতাৰণা কৰিব পাৰে,
তেতিয়া তেওঁক মূৰ্খ বুলি নাভাবিব,
মনত ৰাখিব
তেওঁ আপোনাক বিশ্বাস কৰিছিল,
কিন্তু আপুনি সেই আস্থাৰ যোগ্য নাছিল..!!


মই লিখা ডায়েৰীৰ পৃষ্ঠাবোৰ ফালি পেলালোঁ,
য'ত হাজাৰ হাজাৰ সপোন লিখা হৈছিল,
কিন্তু মনৰ পৃষ্ঠাবোৰ ফালি পেলাব নোৱাৰিলোঁ,
য’ত ইমান কষ্ট জমা হৈ আছে।


কেতিয়াবা এনে লাগে যেন মই প্ৰেম কৰি ডাঙৰ ভুল কৰিছো।
আৰু এতিয়া সেই ভুলৰ মূল্য দিব লাগিব দিন ৰাতি কষ্ট পাই।
সকলোৰে জীৱনত প্ৰেম নাথাকে।
থাকে অকল কষ্ট !


জীৱনটো খুবেই কষ্টকৰ কিন্তু সেয়া কাকো বুজাব পৰা নাযায,
মনটো বৰ অসহায় কিন্তু সেয়া কাকো দেখুৱাব পৰা নাযায়,
জীৱনত বহুত কিবা কিবি সপােন দেখিব পাৰি,
কিন্তু বিচাৰিলে সকলাে পােৱা নাযায়।।


বিশ্বাস বহুতে ভাঙিছে
আঘাটো বহুতে দিছে,
কিন্তু মিছাকৈ হ'লেও 
মুখত এটা হাঁহি লৈ,
সকলোকে মাফ কৰি গৈছোঁ।।


বিশ্বাস কৰা,
মই তোমাৰ জীৱনত আকৌ কেতিয়াও ঘূৰি নাহো…
কিন্তু ম‌ই,
এটা কথা কব বিচাৰোঁ যে
মই তোমাক কেতিয়াও পাহৰিব নোৱাৰিম,
মই জানো যে তুমি এতিয়া আনৰ হৈ গলা…
আধৰুৱা প্ৰেম কাহিনী মোৰ,
সুখী থকা তুমি।


ম‌ই এতিয়া নিজকে হেৰুৱাই পেলাইছো,
তেওঁক বিচাৰি পালেও কি লাভ….
মই আৰু এতিয়া সেইজন নহয়
যাৰ বাবে তেওঁ সকলো আছিল।


ভাঙি পৰাৰ অভিজ্ঞতা মোৰ বহুত,
অথচ তুমি সামৰি ল'বা নে তোমাৰ বুকুত,
মোৰ প্ৰতিটো আশাত অন্ধকাৰে লগালে যুত, 
 মোক পোহৰাবলৈ ৰাখিবা নে তোমাৰ চকুত।


উজাগৰ মোৰ প্ৰতিটো ৰজনী,
তোমাৰ ভাৱনাত বিলীন নাহে মোৰ টোপনি…
যদিও কেনেবাকে আহে,
 চাগে তুমি মোক সপোনত কৰিবা আমনি।


জীৱনলৈ এদিন এনেকুৱা সময় আহিব য'ত
সকলো আক্ষেপ আনৰ ওপৰত নহয়
কেৱল নিজৰ ওপৰতহে হ'ব।
তেতিয়া হয়টো অনুভৱ হ'ব জীৱনটো
সন্মুখত বাগৰি আছিল আৰু মই......
আনৰ চিন্তাত নিজক নিঃশেষ কৰি আছিলোঁ।
সেয়েহে কৈছোঁ -সময় থাকোঁতে নিজৰো যত্ন লওঁক
নিজকো অলপ সময় দিয়ক। কৰণ
আপুনি হেৰাই গ'লে আপোনাক ভালপোৱা মানুহবোৰেও
আপোনাক হেৰুৱাব।


পৰিয়ালৰ ডাঙৰ পুত্ৰ,
প্ৰথমে মাক-দেউতাক আৰু
তাৰ পিছত ভাই-ভনীক টানিব লাগিব।
তাৰ পিছত আপোনাৰ পত্নী আৰু সন্তানক, আৰু 
তাৰ পিছত এদিন সকলোৱে ক’ব যে আপুনি আমাৰ বাবে কি কৰিলে ?
হয় এয়াই বাস্তৱ।


মই হেৰাই গ'লে ও কোনো কথা নাই কাৰণ মোক বিচৰা মানুহ কোনো নাই।
মই কষ্ট পালেও একো চিন্তা নাই কাৰণ মোক বুজি পোৱা মানুহ কোনো নাই।


যদি আপোনাৰ মনটো বেছি বিয়া লাগে তেনেহলে
অলপ কান্দি ল'ব, কিন্তু কেতিয়াও নিজৰ আৰু স্বাৰ্থপৰ ব্যক্তিৰ
আগত নিজৰ দুখৰ বৰ্ণনা নকৰিব !


জীৱনলৈ যেতিয়া বেয়া দিন আহে মৌন হৈ থাকক
কিয়নো এই বেয়া দিন বোৰত আন হে নালাগে
নিজৰ ছাঁ টোৱেও লগ এৰা দিয়ে।
ধৈর্য ধৰক আৰু ভাল দিনৰ বাবে চেষ্টা আৰু অপেক্ষা কৰক....
দেখিব এদিন পৃথিৱীয়ে আপুনি নোকোৱাকৈয়ে আপোনাৰ
সকলো কাহিনী বুজি পাব...!


সকলো আশা বাদ দিলোঁ নালাগে একো নিবিচাৰোঁ কাকো
আমনি নকৰোঁ আগতে যেনেকৈ আছিলোঁ তেনেকৈ
থাকিব চেষ্টা কৰিম আজিৰ মানুহে দুৰ্বলতাৰ সুযোগ লৈ
বৰ বেয়াকৈ কষ্ট দিব পাৰে।।


তুমি হাজাৰ বেয়াকৈ কোৱা পিছতো যিয়ে
তোমাক মৰমেৰে মাত দিয়ে,
সেইজন কেতিয়াও নিলাজ হ'ব নোৱাৰে কাৰণ
তেওঁ ওচৰত সেই সম্পৰ্কটোৰ মূল্য বহুত বেছি।


মনৰ দুখবোৰ মনৰ মাজতে
ৰাখিবা কিয়নো তোমাক
বুজাজনে তুমি নকলেও
তোমাৰ মন বুজিব আৰু
বিচাৰি গুৰুত্ব লোৱাতকৈ
আতৰি থকাই ভাল।


ধৈর্য ধৰিবলৈ শিকা !
কাৰণ সকলোৰে সময় চিৰদিন একেই নাথাকে।
আজি তোমাৰ বেয়া দিন চলি আছে,
কালি হৈ টো সেই বেয়া দিন নাথাকিবও পাৰে,,
এদিন নহয় এদিন তোমাৰো নিশ্চয় ভাল দিন আহিব,
মাথোঁ তুমি নিজে সঁচা মনে কর্ম কৰি যোৱা..!!!


এতিয়া আৰু তোমাৰ সৈতে তৰ্ক কৰিব নিবিচাৰোঁ।
তোমাৰ মতে মই ভুল ঠিক আছে মই এ ভুল,
তুমি সুখী হোৱা তুমি বিচৰা মতে।


এনেকৈয়ে জীৱনটো লাহে লাহে শেষ হৈ গৈ আছে।
মন গলেও কান্দিব নোৱাৰোঁ
আৰু দুখবোৰ ইমানেই যে কাৰো আগত
প্ৰকাশ কৰিব নোৱাৰোঁ,


তুমি মোক বেয়া পাই আছা। আৰু তুমি মোক Ignore কৰি আছা ।।
কৰা কিমান কৰিব আছে, জীয়াই থাকোঁতে কৰি লোৱা কি কৰিব আছে।।
মৰি যোৱাৰ পিছত আৰু নোপোৱা ।।


Related Search. Assamese Quotes And Status On Life, assamese quotes, assamese quotes on life, assamese quotes on life, assamese caption for love, assamese caption, assamese caption for love, assamese caption for instagram, assamese caption for love for instagram, assamese caption for facebook, assamese caption sad

Comments